এতিয়াৰ পৰা স্কুলাৰচিপৰ বাবে আবেদন কৰিব পাৰিব।



👍ঈশ্বান উদয় স্কলাৰশ্বিপ 👍(2025-26)

ঈশ্বান উদয় স্কলাৰশ্বিপ (Ishan Udoy Scholarship) এনে এটা স্কলাৰশ্বিপ যিটো স্কলাৰশ্বিপে অসমৰ লগতে সমগ্ৰ উওৰ পূব (North Eastern Region)ৰ বহুতো ছাত্ৰ-ছাত্ৰীৰ উচ্চশিক্ষাৰ সপোন পূৰণত সহায় কৰিছে।2014 চনৰ পৰা এই স্কলাৰশ্বিপ প্ৰতি বছৰে (কৰুণা মহামাৰীৰ বছৰটোৰ বাদে) কেন্দ্ৰীয় চৰকাৰৰ বিশেষ উদ্যোগত University Grants Commission (UGC )ৰ তৰফৰ পৰা স্নাতক পাঠ্যক্ৰম (Under Graduate /UG)ৰ বাবে প্ৰদান কৰি আহিছে।প্ৰতি বছৰে উত্তৰ পূবৰ 10,000 ছাত্ৰ-ছাত্ৰী ক এই জলপানি প্ৰদান কৰা হৈছে।এই স্কলাৰশ্বিপ ৰ মূখ্য উদ্দেশ্য হৈছে উওৰ পূবৰ ছাত্ৰ-ছাত্ৰী সকলৰ উচ্চ শিক্ষাত নামভৰ্তিৰ পৰিমাণ বৃদ্ধি কৰা।

   এটা সময় আছিল আমাৰ গাওঁ অঞ্চল বোৰত আৰ্থিক অসুবিধাৰ বাবে উচ্চ শিক্ষা আহৰণ কৰা ছাত্ৰ-ছাত্ৰী ৰ সংখ্যা যথেষ্ঠ কম আছিল।বছৰটোত নিৰ্দিষ্ট এটা অঞ্চলৰ পৰা বা নিৰ্দিষ্ট এখন গাঁৱৰ পৰা মুষ্টিমেয় কেইজনমান ছাত্ৰ-ছাত্ৰীয়েহে উচ্চ শিক্ষা গ্ৰহণ কৰা দেখা গৈছিল। বৰ্তমান কিন্তু এই পৰিমাণ যঠেষ্ট বাঢ়িছে। বিশেষকৈ নিম্ন মধ্যবিত্তীয় পৰীয়ালৰ বহুতো ছাত্ৰ-ছাত্ৰী এতিয়া উচ্চশিক্ষাত।2014 -15 বৰ্ষৰ পৰা কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা ঈশ্বান উদয় স্কলাৰশ্বিপৰ অৱদান এইক্ষেত্ৰত কিন্তু কম নহয়।এই স্কলাৰশ্বিপে বহুতো ছাত্ৰ-ছাত্ৰী ৰ উচ্চশিক্ষা আহৰণৰ সপোন পূৰণত সহায় কৰিছে। কেন্দ্ৰীয় চৰকাৰে অকল উত্তৰ পূবৰ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে গ্ৰহণ কৰা এই আচঁনিয়ে অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলত উচ্ছ শিক্ষাৰ প্ৰসাৰত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছে।

          ঈশ্বান উদয় স্কলাৰশ্বিপটো স্নাতক ডিগ্ৰীত নাম ভৰ্তি কৰা সকলো নিয়মীয়া আৰ্থিক ভাবে দুৰ্বল কৃতী ছাত্ৰ-ছাত্ৰীক দিয়া হয়। এইটো Merit Basis scholarship হয়।প্ৰথম অৱস্থাত এই স্কলাৰশ্বিপৰ পৰিমাণ শাখা (stream) অনুসৰি বছৰি প্ৰায় ₹54,000, ₹75,000 মানকৈ আছিল। বৰ্তমান কিন্তু সকলোৰে বাবে ₹80,000 কৰা হ'ল।এটা বছৰত দহ মাহৰ বাবে এই স্কলাৰ শ্বিপ দিয়া হয়। বৰ্তমান চাৰি বছৰীয়া স্নাতক পাঠ্যক্ৰমৰ ছাত্ৰ-ছাত্ৰী সকলে মুঠ ₹ 3,20,000 টকা লাভ কৰিব।

  কি কি যোগ্যতা লাগিব
👉HS passed ছাত্ৰ-ছাত্ৰী সকলে কৰিব পাৰিব আৱেদন।
👉60% পোৱা ছাত্ৰ-ছাত্ৰী সকলে কৰিব পাৰিব আৱেদন।
👉 উত্তৰ -পূবৰ স্থায়ী বাসিন্দা হ'ব লাগিব।
👉উত্তৰ-পূবৰ ভিতৰতে পঢ়া ASSEB,CBSC,ICSE ৰ পৰা HS passed সকলে কৰিব পাৰিব আৱেদন।
👉UGC ৰ অধীনত থকা মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তি কৰা নিয়মীয়া (regularly/full time) স্নাতক পাঠ্যক্ৰমৰ প্ৰথম বৰ্ষৰ ছাত্ৰ-ছাত্ৰীয়ে এই স্কলাৰশ্বিপৰ বাবে আবেদন কৰিব পাৰিব।
👉 অভিভাৱকৰ বাৰ্ষিক আয় 4.5 লাখৰ ভিতৰত হ'ব লাগিব।
👉 সাধাৰণ স্নাতক পাঠ্যক্ৰমৰ বাবেহে এই স্কলাৰশ্বিপ দিয়া হয়। কাৰিকৰী পাঠ্যক্ৰম সমূহৰ বাবে দিয়া নহয়।

   নিৰ্বাচন পদ্ধতি
এইটো স্কলাৰশ্বিপ Merit Basis.
Cutt of marks ওপৰৰ পৰা ধৰা হয়। প্ৰতিবছৰেই পৃথক হয়।74/75 ৰ ওচৰে পাজৰে থাকে।

  বৰ্তমান Registration আৰম্ভ হৈছে।ছাত্ৰ-ছাত্ৰী সকলে আৱেদন কৰিব পাৰিব।
     

আবেদন কৰিবৰ বাবে আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব পাৰিব।
আমাৰ ঠিকনা   জিলা ধেমাজি ডাক নিলখ চাৰিআলি পিন৭৮৭১১০ যোগাযোগ নং 9864591105.

Post a Comment

0 Comments